XtGem Forum catalog
মুখ্য পৃষ্ঠা
14/12/25United States10:33

হৃদয় ছাহাৰা

শুধ বগা মৰিশালীৰ দৰে
গাওঁ খন নিদ্ৰাত মগ্ন হৈ আছে
পৃথিৱীৰ গভীৰ টোপনি

সপোন আহিছে
বতাহে দুৱাৰ ঠেলিছে
শেতেলীত পুৰনি সপোনৰ অসুখ

বুকুয়ে বুকুয়ে সপোন বাগৰে
পৃথিৱী সাৰে নাই
চাকি গচি মাথো সাৰে আছে
দূৰৈৰ নৈৰ কুলুকুলু ধ্বনিয়ে
মোক কবি কৰি তুলিছে

অথচ , শব্দৰ ভঁৰাল
একেবাৰে উদং
হৃদয় ছাহাৰাত সপোন
যেন বেদুইন.....|


____ৰাজু

07/04/15